লিডুঃ বিগত কংগ্ৰেছ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত ৰাজ্যত ধপাত বিৰোধি আইন প্ৰৱৰ্তন কৰি ব্যাপক চমক সৃষ্টি কৰিছিল৷ টিভিৰ বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি বৰ বৰ কথালৈকে৷ দল বেলেগ হ’ল যদিও সেই সময়ত আৰু আজিও ড০ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ আছিল৷
ধঁপাত নিষিদ্ধকৰণ আইন, ২০১৩ প্ৰৱৰ্তন হৈ থকাৰ সময়তে ৰাজ্যত অবাধ হাৰত চলি আহিছিল ধপাতৰ ব্যৱহাৰ৷ তাৰ পিছতে ন্যায়লয়ে বিশেষ ক্ৰুটি থকাৰ বাবে এই আইন খন বাতিল কৰে৷ কিন্তু ২০১৩ চনৰ পৰা ২০১৭ চনৰ জুলাই মাহলৈকে ধোৱাচাঙত উঠি আছিল৷ দেশৰ কেইবাখনো জিলাত মদ-ধপাত নিষিদ্ধ কৰাৰ লগতে অসমতো পুনৰ ধপাত-মদ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈ আহিছে৷