লিডুঃ চৰকাৰৰ আসোঁৱাহপূৰ্ণ নীতিৰ বাবে পুনৰ নৱ-প্ৰজন্ম সশস্ত্ৰ সংগ্ৰামৰ দিশে ধাৱিত হোৱা দেখা গৈছে। উজনি অসমৰ প্ৰায় দুই শতাধিক যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰা বুলি সেনাৰ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ কৰাৰ পাছত বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে।
তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফানেং আৰু চন্দ্ৰপুৰ গাঁৱৰ একাংশ যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত আলফা (স্বা)ত যোগদান কৰা ঘটনাই এতিয়া আলফা স্বাধীনৰ স্থিতি সম্পৰ্কে প্ৰশাসনক পুনৰ শংকিত কৰি তুলিছে৷ গাঁও দুখনৰ তিনিজনকৈ শিক্ষিত যুৱক-যুৱতী ক্ৰমে কৰিশ্মা মেচ, চন্দ্ৰ বুঢ়াগোহাঁই আৰু মাধুৰ্য সোণোৱালে আলফা স্বাধীনৰ সামৰিক শিবিৰলৈ যোৱা বুলি চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰাৰ পাছতেই সেনা-আৰক্ষীৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে৷