মাৰ্ঘেৰিটাঃ আসাম ৰাইফলচৰ অভিযানত জালত পৰিল গোৰ্খা লিবাৰেচন আৰ্মীৰ লেফটেনেন্ট ৰাজেশ লামা৷ ৰাজেশ লামাক শুকুৰবাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমাৰ জাগুণৰ ৰামপুৰ পাঁচ মাইলৰ পৰা আসাম ৰাইফলচে আটক কৰিবলৈ সক্ষম হয়৷

গোলাঘাট জিলাৰ ১ নং চুঙাজানৰ বাসিন্দা ৰাজেশ লামাক জালত পেলাবলৈ সেনাই দীৰ্ঘদিনধৰি চেষ্টা অব্যাহত ৰাখিছিল ৷ সেনাই ধৃত উগ্ৰপন্থীজনৰ পৰা এটা নাইন এম এম পিষ্টল, পাঁচ জাই সজীৱ গুলী, আসাম ৰাইফলচৰ এখন ভূৱা পৰিচয় পত্ৰ, ধনদাবী কৰা কেইবাজনো ব্যক্তিৰ নাম সম্বলিত মুঠ ৭৪ লাখ টকাৰ পেডত লিখা তালিকা, এটা মোবাইল ফোন সহ বহুতো আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে৷

উগ্ৰপন্থী নেতা জনে সংগঠনৰ নামত লিডুৰ বিনোদ গুৰুং নামৰ কয়লা ব্যৱসায়ী জনৰ পৰা পাঁচ লাখ টকা ধনদাবী কৰিছিল আৰু সেনাই এই ধনদাবীৰ ঘটনাৰ আলম লৈয়ে কৌশলেৰে নেতাজনক আটক কৰে৷ উগ্ৰপন্থী নেতাজনে সংগঠনটোৰ তিনিশ কেডাৰে নগালেণ্ডৰ ডিমাপুৰৰ ধনশিৰি খাচীৰাম বস্তিত প্ৰশিক্ষণ গ্ৰহণ কৰি কাৰ্বি আংলং জিলাত ধন সংগ্ৰহৰ বাবে প্ৰৱেশ কৰিছে বুলি স্বীকাৰ কৰে৷

গোৰ্খা উগ্ৰপন্থী সংগঠনটোৰ নেতাজনে অসমৰ বিভিন্ন অঞ্চলৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰো নেপালী জনগোষ্ঠী অধ্যুষিত অঞ্চল সমুহত সাংগঠনিক ভেটি মজবুত কৰিবলৈ গোৰ্খা লিবাৰেচন আৰ্মীয়ে তৎপৰতা অৱলম্বন কৰিছে বুলি প্ৰকাশ কৰিছে৷ সেনাই ইতিমধ্যে উগ্ৰপন্থীজনক জাগুণ আৰক্ষীক হস্তান্তৰ কৰে৷