newsnextone.com | নগাঁওঃ নগাঁও আদালতে হত্যা কাণ্ডৰ দোষী সাব্যস্ত হোৱা দুজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে শনিবাৰে৷ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক’লাৰ ৰামকৃষ্ণ লস্কৰ আৰু প্ৰাঞ্জল লস্কৰ নামৰ দুজন লোকক হত্যা কাণ্ডৰ দোষী সাব্যস্ত হোৱাত নগাঁও আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে৷
জানিব পৰা মতে, বিগত বৰ্ষৰ ৯ আগষ্টত বৰক’লাত এটা হত্যা কাণ্ড সংঘটিত হৈছিল৷ যিটো হত্যাকাণ্ডই অঞ্চলটোক জোকাৰি গৈছিল৷ একেটা অঞ্চলৰে মনোৰঞ্জন ডেকা নামৰ এজন যুৱকক নৃশংসভাবে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল বৰক’লাৰ ৰামকৃষ্ণ লস্কৰ আৰু প্ৰাঞ্জল লস্কৰৰ বিৰুদ্ধে৷ আৰক্ষীয়ে বৰক’লাৰ ৰামকৃষ্ণ লস্কৰ আৰু প্ৰাঞ্জল লস্কৰক গ্ৰেপ্তাৰ কৰি তদন্ত কৰে৷ আদালতত দীৰ্ঘ শুনানিৰ অন্তত দোষী সাব্যস্ত কৰি ৰায় দিয়ে৷ তাৰ পিছতে শনিবাৰে শাস্তিৰ ৰায় প্ৰদান কৰে৷