newsnextone.com | কোকৰাঝাৰঃ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, আক্ৰাছু আৰু স্মাইল ৱেলফেয়াৰ ছছাইটিয়ে সন্ধিয়া ৭ বাজি ৩০ মিনিটত কোকৰাঝাৰত মম জ্বলাই মৌন সমদল উলিয়াই৷
কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ ভূটীয়াপাৰা শিৱশক্তি ভৱনৰ পৰা উলিওৱা সমদল বালাজান তিনালী এলেকা পৰিভ্ৰমণ কৰি বালাজান তিনালীত মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।