নাৰায়ণপুৰঃ হিমাচল প্ৰদেশৰ ছিমলাত গৌৰৱ বুটলিবলৈ সক্ষম হৈছে অসমৰ কেইবাগৰাকীও শিশু শিল্পীয়ে। এই শিশু শিল্পীকেইগৰাকীয়ে ‘ইউনিভাৰ্ছেল সাংস্কৃতিক সধ নাট্য একাডেমী’ (USSNA) দ্বাৰা আয়োজিত “ধাৰোহান”ৰ নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সমৰ্থ হয়।
৪ দিনীয়া কাৰ্যসূচীৰে ছিমলাত অনুষ্ঠিত হোৱা ৩য় অল ইণ্ডিয়া প্লে, ডান্স এণ্ড মিউজিক প্ৰতিযোগিতা, ২০১৭ ত অংশগ্ৰহণ কৰি ছাব-জুনিয়ৰ কেটেগৰীৰ ফ্লক ডান্সত প্ৰথম, মডাৰ্ণত দ্বিতীয় আৰু ছেমি ক্লাছিকেলত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লখিমপুৰ জিলাৰ ঢলপুৰৰ কণমানি মৌপ্ৰিয়া দাসে।