কোকৰাঝাৰঃ কোকৰাঝাৰত সাত বছৰীয়া কন্যা শিশু এটিয়ে অচিন ৰোগত আক্ৰান্ত হৈ যোৱা দুবছৰে নৰক যন্ত্ৰণাৰে বিচনাতে দিন অতিবাহিত কৰি থকা এক ঘটনাই বহু লোকৰ অন্তৰ চুই গৈছে। অচিন ৰোগত আক্ৰান্ত শিশুটিক সুস্থ কৰি তুলিবলৈ পৰিয়ালবৰ্গই বহু চিকিৎসকৰ কাষ চাপিছে যদিও কোনো চিকিৎসকে অচিন ৰোগত আক্ৰান্ত শিশুটিক সুস্থ্ কৰি তুলিবলৈ সক্ষম হোৱা নাই।
বহু চিকিৎসকৰ ওচৰত অচিন ৰোগত আক্ৰান্ত শিশুটিক চিকিৎসা কৰি পৰিয়ালবৰ্গই সঞ্চিত ধন-সম্পত্তি শেষ কৰাৰ পিছত এইবাৰ উপায়হীন হৈ পৰিয়ালবৰ্গই ৰাজ্য চৰকাৰৰ ওচৰত সহায় ভিক্ষা মাগিছে৷