Home বাণিজ্যকৰ’নাৰ প্ৰভাৱ… ৪২ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে মদৰ বিক্ৰী! চিন্তাত সুৰা কোম্পানী

কৰ’নাৰ প্ৰভাৱ… ৪২ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে মদৰ বিক্ৰী! চিন্তাত সুৰা কোম্পানী

by News Desk
A+A-
Reset
mod-bikri

বিশেষ প্ৰতিবেদনঃ কেইদিনমানৰ আগতে অসম চৰকাৰে সুৰা বিণীসমূহ লকডাউনৰ মাজতে খুলিবলৈ হঠাৎ সিদ্ধান্ত লয়। কথা মতেই কাম। গৰু বিহুৰ দিনা সুৰাৰ বিপণী খোলাৰ লগে লগে অসমত সেই দিনটোত প্ৰায় ৫৫ কোটি টকাৰ সুৰা বিক্ৰী হয়। অৱশ্যে সুৰাৰ বিক্ৰী আশা কৰাতকৈও ভাল হ’লেও তাৰ পৰা চৰকাৰে নতুনকৈ লাভ নকৰিলে কোনো ৰাজহ। বিক্ৰী হোৱা সুৰাৰ সকলোখিনিয়েই পুৰণি ষ্টকৰ বাবে চৰকাৰে সেই দিনটোত নতুনকৈ কৰ সংগ্ৰহ কৰিব নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে।

অৱশ্য নতুন-পুৰণি হিচাপ নকৰিল লকডাউনৰ মাজত সুৰাৰ বিপনী খোলাৰ ফলত হোৱা বিক্ৰীৰ পৰা আবকাৰী বিভাগে লাভ কৰা ৰাজহৰ পৰিমাণ দহ কোটিতকৈও অধিক বুলি ২৮ এপ্ৰিলৰ এক সংবাদমেলত সদৰী কৰিছিল বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কোম্পানীৰ বাণিজ্যিক লক্ষ্য থকাৰ দৰে অসম চৰকাৰৰো সুৰা বিক্ৰীৰ পৰা লাভ কৰা কৰেৰে ৰাজকোষ টনকিয়াল কৰাৰ লক্ষ্য থাকে। তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দৰেকৈ সৰ্বানন্দ সোণোৱাল নেতৃতাধীন বিজেপি চৰকাৰখনেও বিগত চাৰি বছৰত ৰাজকোষ টনকিয়াল কৰিবৰ বাবে সুৰাকে ৰাজহৰ প্ৰধান উৎস হিচাপে গণ্য কৰি অহা পৰিলক্ষিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0