লালুকঃ বৰশীৰ টোপ বিচাৰি আকাশ ঘুৰি ফুৰিছিল৷ গ্ৰীষ্ম বন্ধ বাবেই এই কেইদিন আকাশে বৰশী বাই সময় অতিবাহিত কৰি আহিছে৷ বৰশী বাই ভাল পোৱা আকাশ পঢ়া শুনাতো ভাল৷ আজি পুৱাই পিতৃৰ সৈতে বহু সময় অতিবাহিত কৰি আকাশে ওলাই গৈছিল বৰশীৰ টোপ বিচাৰি৷
নিজ ঘৰৰ পৰা কিছু নিলগৰ এতি পুখুৰীৰ পাৰত বৰশীৰ টোপ বিচাৰি যোৱাৰ পাছৰে পৰা বহু সময় আকাশ নোহোৱা হৈ থাকে৷ বহু সময়লৈ আকাশৰ খবৰ নাছিল যদিও পৰিয়ালটোলৈ আহিল এটি মৰ্মান্তিক খবৰ৷ যিটো খবৰে পৰিয়ালটোত ধুমুহাৰ সৃষ্টি কৰিলে৷