কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠিত বিদ্যালয় ইউ এন একাডেমীৰ এগৰাকী দ্বিতীয় শ্ৰেণীৰ কণমাণি ছাত্ৰ সঞ্জীৱ ব্ৰহ্ম বিদ্যালয় চৌহদতে গুৰুতৰভাৱে আহত হৈ পৰবৰ্তী পৰ্যায়ত কৰুণ মৃত্যুক আকোঁৱালি লোৱাত গভীৰ শোকৰ ছাঁ পৰাৰ লগতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
প্ৰাপ্ত বাতৰি মতে যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনাখন বিদ্যালয় সপ্তাহ চলি থকা উপলক্ষে কোকৰাঝাৰ সদৰ চহৰৰ টেঙাপাৰা নিৱাসী প্ৰণৱ ব্ৰহ্মৰ কণমানি পূত্ৰ সঞ্জীৱ ব্ৰহ্মও বিদ্যালয়ত উপস্থিত আছিল । ইউ এন একাডেমীৰ বিদ্যালয় চৌহদত নৱ-নিৰ্মিত ঘৰৰ কাষত কণমাণি শিশু ছাত্ৰ সঞ্জীৱ ব্ৰহ্মই খেলি থাকোতে নতুনকৈ গাঁথা ইটাৰ দেৱালৰ পৰা কংক্ৰিটৰ চৌকাট কণমানি শিশুটোৰ ওপৰতে খহি পৰে আৰু গুৰুতৰভাৱে আহত হয় ।