কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠিত বিদ্যালয় ইউ এন একাডেমীৰ এগৰাকী দ্বিতীয় শ্ৰেণীৰ কণমাণি ছাত্ৰ সঞ্জীৱ ব্ৰহ্ম বিদ্যালয় চৌহদতে গুৰুতৰভাৱে আহত হৈ পৰবৰ্তী পৰ্যায়ত কৰুণ মৃত্যুক আকোঁৱালি লোৱাত গভীৰ শোকৰ ছাঁ পৰাৰ লগতে অঞ্চলটোত  চাঞ্চল্যৰ সৃষ্টি হৈছে ।

প্ৰাপ্ত বাতৰি মতে যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনাখন বিদ্যালয় সপ্তাহ চলি থকা উপলক্ষে  কোকৰাঝাৰ সদৰ চহৰৰ টেঙাপাৰা নিৱাসী প্ৰণৱ ব্ৰহ্মৰ কণমানি পূত্ৰ সঞ্জীৱ ব্ৰহ্মও বিদ্যালয়ত উপস্থিত আছিল । ইউ এন একাডেমীৰ বিদ্যালয় চৌহদত নৱ-নিৰ্মিত ঘৰৰ কাষত কণমাণি শিশু ছাত্ৰ সঞ্জীৱ ব্ৰহ্মই খেলি থাকোতে নতুনকৈ গাঁথা ইটাৰ দেৱালৰ পৰা কংক্ৰিটৰ চৌকাট  কণমানি শিশুটোৰ ওপৰতে খহি পৰে আৰু গুৰুতৰভাৱে আহত হয় ।

বিদ্যালয় কৰ্তৃপক্ষই লগে লগে গুৰুতৰভাৱে আহত শিশুটিক সদৰ চহৰস্থিত এম আৰ এম নাৰ্ছিংহোমলৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। পৰিয়ালৰ সদস্যই বিদ্যালয় কৰ্তৃপক্ষৰ ভুল আৰু অমনোযোগিতাৰ বাবেই শিশুটি দূৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোঁৱালি ল'ব লগা হ'ল বুলি অভিযোগ কৰি ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীৰ অপসাৰণৰ দাবী উত্থাপন কৰিছে ।

আনহাতে প্ৰতিষ্ঠিত বিদ্যালয়খনৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে ঘটনাটোত অতি মৰ্মাহত হোৱা বুলি সদৰী কৰি বিদ্যালয়খনৰ গৰিমাৰ সতে ঘটনাটোক সাঙুৰি ভুল বাৰ্তা প্ৰেৰণ নকৰিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে ।

উল্লেখ্য যে ইউ এন একাডেমীৰ নতুনকৈ নিৰ্মাণ হৈ থকা ঘৰৰ নিৰ্মাণ মানদণ্ড নিম্নমানৰ বুলি অভিযোগ উত্থাপিত হৈছে। তিনি ইঞ্চি ইটাৰ দেৱালৰ ওপৰতে কংক্ৰিটৰ চৌকাট ফিটিং কৰোতে সাৱধানতা অৱলম্বন নকৰাৰ বাবেই দূৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈ এগৰাকী কণমাণি শিশুৱে অকাল মৃত্যুক আকোঁৱালি ল'ব লগা হ'ল বুলি অভিযোগ উত্থাপিত হৈছে ।