newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ফুলবাৰী গাঁৱৰ সমীপৰ ভূটান সীমান্তত শুকুৰবাৰে উদ্ধাৰ হয় এটি সদ্যোজাত মাইকী হাতীৰ পোৱালী। ইয়াৰ পাছত উদ্ধাৰ হোৱা পোৱালীটো বন বিভাগে ভূটানৰ বন বিভাগক চমজাই দিয়ে। 

বন বিভাগৰ সূত্ৰে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ফুলবাৰী গাঁৱত অৱস্থিত এছএছবি ছাউনীৰ পৰা ধনশ্ৰী বন বিভাগৰ অন্তৰ্গত স্বপনগাঁওস্থিত বন কাৰ্যালয়লৈ এক ফোন আহিছিল। উক্ত ফোনত এছএছবি সূত্ৰই বন বিভাগক এটি হাতীৰ সদ্যোজাত পোৱালীৰ অৱস্থিতিৰ বিষয়ে অৱগত কৰে। 

ইয়াৰ পাছত বন বিভাগৰ এটি দল দুৰ্গম ঘটনাস্থলীত উপস্থিত হৈ ভূটান সীমান্তৰ কিছু ভিতৰত থকা কণমানি মাইকী পোৱালী হাতীটো প্ৰত্যক্ষ কৰি পুৱা প্ৰায় ১০.৩০ বজাত উদ্ধাৰ কৰে। ইয়াৰ পাছত বন বিভাগ তথা স্থানীয় ৰাইজে হাতীৰ পোৱালীটোক বিভিন্ন খোৱা খাদ্য প্ৰদান কৰে। 

এই ঘটনাৰ বিষয়ে অৱগত হৈ ভূটানৰ বন বিভাগ তথা ভূটান আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ হোৱা কনমাণি হাতী পোৱালিটো তেওঁলোকৰ বুলি দাবী কৰে। লগে লগে স্বপনগাঁও বন বিভাগৰ দলটোৱে ধনশ্ৰী বন সংমণ্ডল বিষয়া মাধ্যুৰ্য্য কুমাৰ শৰ্মাক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। ঘটনাৰ প্ৰকৃত স্থানৰ বিষয়ে অৱগত হৈ বন বিভাগে হাতীটো ভূটানৰ বন বিভাগৰ হাতত চমজাই দিয়ে। 

পাছত ভূটানৰ বন বিভাগে পোৱালিটো ভূটানলৈ লৈ যায়। উদ্ধাৰকাৰী বন বিভাগৰ সূত্ৰই সাংবাদিকক জানিবলৈ দিয়া মতে, কণমানি হোৱা হেতুকে পোৱালিটোৰ জীৱন ৰক্ষাৰ স্বাৰ্থতহে উদ্ধাৰ কৰা হৈছিল। উদ্ধাৰ হোৱা হাতীৰ পোৱালীতো প্ৰায় দহৰ পৰা পোন্ধৰ দিন পূৰ্ৱে জন্ম লাভ কৰা বুলি বন বিভাগে জানিবলৈ দিয়ে। লগতে পোৱালীটো নিশা মাতৃৰ পৰা বিচ্ছিন্ন হৈ উক্ত স্থানত ৰৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।