newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ফুলবাৰী গাঁৱৰ সমীপৰ ভূটান সীমান্তত শুকুৰবাৰে উদ্ধাৰ হয় এটি সদ্যোজাত মাইকী হাতীৰ পোৱালী। ইয়াৰ পাছত উদ্ধাৰ হোৱা পোৱালীটো বন বিভাগে ভূটানৰ বন বিভাগক চমজাই দিয়ে।
বন বিভাগৰ সূত্ৰে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ফুলবাৰী গাঁৱত অৱস্থিত এছএছবি ছাউনীৰ পৰা ধনশ্ৰী বন বিভাগৰ অন্তৰ্গত স্বপনগাঁওস্থিত বন কাৰ্যালয়লৈ এক ফোন আহিছিল। উক্ত ফোনত এছএছবি সূত্ৰই বন বিভাগক এটি হাতীৰ সদ্যোজাত পোৱালীৰ অৱস্থিতিৰ বিষয়ে অৱগত কৰে।