54
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লংটঙত এটি শিশুক যৌন নিৰ্যাতন চলোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লংটঙৰ চাহ শ্ৰমিক এজনৰ ৬ বছৰীয়া কন্যা শিশুটিক স্থানীয় বিবাহিত যুৱক একাতু চেমাই কালি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ গৃহত প্ৰৱেশ কৰি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।