বৰপেটাঃ দহ হাজাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক লগত লৈ চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই উপলক্ষে বহৰি মিনি ষ্টেডিয়ামত ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল যোগদান কাৰ্যসূচীত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানক বিজেপি দলৰ মজিয়ালৈ আদৰি আনে।
বৰপেটা জিলাৰ বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে দেশত সদায় শোষণৰ ৰাজনীতি কৰি আহিছে। দলটোৱে সদায় জাতি-ধৰ্ম-সম্প্ৰদায়ৰ নামত ৰাজনীতি কৰি আহিছে। কংগ্ৰেছৰ শাসন কালতে ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। কিন্তু বিজেপি শাসনলৈ অহাৰ পাছতে জাতি-জনগোষ্ঠীৰসমূহৰ মাজত আগতে হোৱা এই সাম্প্ৰদায়িক সংঘৰ্ষবোৰ নোহোৱা হৈ পৰিছে।