গুৱাহাটীঃ স্বাধীন ভাৰতৰ ইতিহাসত বৃহৎ কৰ সংস্কাৰ বুলি আখ্যা দি নৰেন্দ্ৰ মোদী চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) অহা জুলাইৰ পৰা দেশজুৰি বলৱতৰ উদ্দেশ্যে প্ৰস্তুতি তুংগত তুলিছে। ইতিমধ্যে ৰাজ্যিক জি এছ টি আইন বলবতৰ উদ্দেশ্য আহ্বান জনোৱা অসম বিধানসভাৰ বিশেষ অধিৱেশনে আজি দ্বিতীয় দিনত ভৰি দিলে।কালি সদনত জি এছ টি বিধেয়ক উত্থাপন কৰা হয়।
ইয়াৰ জৰিয়তে সমগ্ৰ দেশজুৰি একধৰণৰ পৰোক্ষ কৰ আৰোপৰ লক্ষ্য লোৱা হৈছে। ৫%, ১২%, ১৮% আৰু ২৮% এই চাৰিস্তৰীয় কৰ গাঁথনি জি এছ টিত থাকিব। কিন্তু স্থানীয় প্ৰশাসন উদাহৰণস্বৰূপে পৌৰ নিগম, পৌৰসভা, নগৰ সমিতি আদিয়ে সংগ্ৰহ কৰি অহা সম্পত্তি কৰৰ বিষয়ে জি এছ টিত কোনোধৰণৰ ব্যৱস্থা নাই বুলি ব্যাপক চৰ্চা হৈছে।