নগাওঁঃ গ্ৰাম্য অঞ্চলৰ বিল, খাল, পুখুৰী পথাৰত পোৱা গৰৈ, খলিহনা, পুঠি, চেঙা, চেঙেলী, বামী, তোৰা, গেদগেদী, ৰলীয়া, কলীয়াজৰা, কুঢ়ি, কাৱৈ, মিছা আজি অৱহেলিত৷ প্ৰতিবছৰৰ দৰে এইবেলিওঁ ভোগালীৰ উৰুকাত থলুৱা মাছ উপেক্ষিত হৈ ৰ’ল৷ বহি ৰাজ্যৰ পৰা অহা তথা ৰাজ্যৰ খনৰ ডাঙৰ মাছৰ সৈতে ফেৰ মাৰিব নোৱাৰিলে থলুৱা মাছে৷
ভোগালীৰ উৰুকাত প্ৰতিজন অসমীয়াই মাছ-মাংসৰে এসাঁজ উদৰ পুৰাই খোৱাটো পৰম্পৰা৷ সেয়ে সকলোৱে ব্যস্ত হৈ পৰে মাংস, ভালৰো ভাল মাছটো সংগ্ৰহ কৰি সেই পৰম্পৰা ৰক্ষা কৰাৰ বাবে৷ এইবেলিও ব্যতিক্ৰম নহয় ৰাজ্যবাসী৷ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো দেখা গ’ল ডাঙৰ মাছতো কিনি থকাৰ বাবে দৰ-দাম কৰি থকাৰ দৃশ্য৷