শিমলুগুৰিঃ ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমুহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷
বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীৰে ভৰি থকাৰ সময়তে শিৱসাগৰ জিলাৰ শিমলুগুৰীত অগণন থলুৱা মাছৰ মৃত্যু হোৱাত জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জিলা খনৰ লাকুৱাৰ গোহাইজানত কীটনাশক দ্ৰব্য পানীত মিহলা হোৱাৰ ফলত শ শ থলুৱা মাছ পানীত ওপঙি উঠে৷ লাকুৱা চাহ বাগিছা কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মাছ সমূহ মৰি ওপঙি উঠা বুলি অভিযোগ উত্থাপন হয়৷