newsnextone.com | নগাঁওঃ ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া আদৰ বাঢ়িছে থলুৱা মাছৰ৷ থলুৱা মাছৰ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰৱৰ্তন কৰা আইনখনক উপলুঙা কৰি সময়ে সময়ে অবাধে কণীযুক্ত মাছ নিধন কৰিলেও থলুৱা মাছৰ সংখ্যা ৰাজ্যত এতিয়াও কমা নাই৷ গ্ৰাম্য অঞ্চলত বহু প্ৰজাতিৰ থলুৱা মাছ সম্প্ৰতি বিলুপ্তিৰ পথত যদিও থলুৱা ৰৌ, বৰালী, কাৱৈ, মিৰিকা, বামি, পুঠি, শিঙি, চন্দা, গৰৈ, তোৰা, মাগুৰ, কান্ধুলী, ফোপা আদি থলুৱা প্ৰজাতিৰ মাছ আজিও আছে৷
ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে যদিও বিপদৰ কালত অসমীয়াক থলুৱা মাছবোৰে অভাৱ পূৰণ কৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমূহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ যিবোৰ পুৰ্বে গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীত অগণন থলুৱা মাছ দেখা পোৱা যায়৷ নৈ, নিজৰা, পুখুৰী পানীত পোৱা মাছ কিছুদিন আগলৈ এলাগী হৈ আছিল যদিও হঠাৎ মাছৰ বজাৰত আদৰ বাঢ়িব ধৰিছে এই সমূহ থলুৱা মাছৰ আদৰ বাঢ়িব ধৰিছে৷