ধুবুৰীঃ ৰাজ্যৰ প্ৰায় ২৬ খন জিলা বানৰ কবলত পৰি হাহাকাৰ কৰি থাকিব লগীয়া হৈছে৷ জিলা কেইখনত শেহতীয়াকৈ বানৰ পানি শুকাল যদিও এতিয়া ন’ ন’ সমস্যাই আগুৰি ধৰিছে ৰাইজক৷ বিশুদ্ধ খোৱা পানী, থাকিবলৈ ঠাই, বস্ত্ৰ, অন্ন, লৰা-ছোৱালীৰ কিতাপ-পত্ৰ আদিৰ সমস্যাত ৰাইজৰ দিন নাযায়, ৰাতি নুপুৱাই অৱস্থা৷
ইয়াৰ মাজতে কেইখনমান জিলাত খৰাখহনীয়াই আতংকগ্ৰস্ত কৰি তুলিছে ৰাইজক৷ মৰিগাঁও, নগাঁও, ধুবুৰী আদি জিলাত ব্যাপত গৰাখহনীয়ই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ৷ ৰাজ্য চৰকাৰে বান আৰু গৰাখহনীয়াৰ ক্ষতিগ্ৰস্তক পৰ্য্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷