মূখ্যমন্ত্ৰীৰ ভাতৃৰ মৃত্যুত নলবাৰীৰ তিনি বিধায়কৰ শোক প্ৰকাশ
নলবাৰীঃ জাতিয় নায়ক তথা ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জ্যেষ্ঠ ভাতৃ গিৰিশ সোণোৱালৰ আজি পূৱা দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা খবৰে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাটো শোকৰ ছাঁ পেলাইছে।
কেইবাটাও ৰোগত আক্ৰান্ত হৈ মৃত্যু আকোঁৱালি লোৱা মূখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী তথা নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই।