মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুনত স্থানীয় ৰাইজ আৰু দল-সংগঠনে বৰডুমচাৰ পৰা জাগুন-দিহিং নদীঘাট হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাৰ্ঘেৰিটা নগৰৰ এক বিশেষ স্থানলৈ খোজ কঢ়াই আনি থকা অৱস্থাত আঠজন লোকসহ ৮০টা গৰু জব্দ কৰি স্থানীয় আৰক্ষীক চমজাই দিয়ে৷
আৰক্ষীয়ে লোককেইজনক জিম্মাত লৈ সোধ-পোছ অব্যাহত ৰাখিছে৷ স্থানীয় ৰাইজৰ ভাষ্য মতে উক্ত গৰু ব্যৱসায়ীকেইজনৰ হাতত কালি বৰডুমচাৰ বৃহস্পতিবৰীয়া বজাৰৰ পৰা গৰু ক্ৰয়ৰ ৰচিদৰ বাহিৰে বিভাগীয় গৰু বেহাৰ অনুমতি, পশু চিকিৎসকে গৰুকেইটাক প্ৰদান কৰা স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ-পত্ৰ আদি কোনো বৈধ নথি নাছিল৷