69
বাঘবৰঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কেইবাখনো গাঁৱৰ লোকে বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হোৱাৰ পাছত এইবাৰ আতংকিত হৈ পৰিছে গৰাখহনীয়াৰ বাবে৷
জিলাখনৰ জনীয়া সমষ্টিৰ বহু গাঁও বেঁকী নৈৰ খহনীয়াৰ ফলত নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে৷ সমষ্টিটোৰ সেউৰাচৰা পাথাৰ গাঁৱত নৈ খনে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি বিগত প্ৰায় এমাহৰ ভিতৰতে উছন কৰে ১৫ টাকৈ পৰিয়ালক৷