খেৰণিঃ ৰাজ্যত লকডাউনৰ আজি দ্বিতীয়টো দিন। এই সময়ছোৱাত জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে চৌদিশে দেখা গৈছে নিমাওমাও পৰিৱেশ। পাহাৰীয়া জিলা কাৰ্বি পাহাৰতো বিৰাজ কৰিছে একেি পৰিৱেশে। ইয়াৰ মাজতে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আহ্বান জনোৱা লকডাউন ভংগকাৰীৰ বিৰুদ্ধে জিলাখনৰ ভিন্ন প্ৰান্তত অভিযান অব্যাহত আছে আৰক্ষীৰ।
এই অভিযানৰ অংশ হিচাপে হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৰ ফৰেষ্ট বজাৰত আৰক্ষীয়ে জৰুৰীকালীনভাৱে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত প্ৰৱেশ কৰা অথবা বাহিৰ হৈ যোৱা প্ৰতিজন ব্যক্তিক ৰখাই সোধা-পোছা অব্যাহত ৰাখিছে হামৰেন জিলা আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মীয়ে। জিলাখনত কেৱল গেলামাল আৰু ফাৰ্মাচীলৈ অহাৰ অজুহাতেৰে ৰাজপথত দুই এক ব্যক্তিয়ে চলাচল কৰা পৰিলক্ষিত হৈছে যদিও গৰিষ্ঠসংখ্যক লোকে চৰকাৰৰ আহ্বানৰ প্ৰতি সমৰ্থন আৰু পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷