মোৰাঝাৰঃ হোজাই জিলাত একাংশ লোকে ভুৱা পাছ ব্যৱহাৰ কৰি দেশজুৰি অব্যাহত থকা লকডাউন উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বুধবাৰে মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিং লিম্বুৰ নেতৃত্বত এক অভিযান চলোৱা হয়৷ উক্ত অভিযানত টকাৰ বিনিময়ত বিলাসী গাড়ীৰ পাছ ব্যৱহাৰ কৰা ঘটনা পোহৰলৈ আহে৷
আব্দুৰ ৰহিম নামৰ এজন লোকক সঘনাই ঘূৰি ফুৰাতো প্ৰত্যক্ষ কৰি সন্দেহ ওপজাত আৰক্ষীয়ে সোধ-পোছ কৰে৷ আৰক্ষীৰ প্ৰশ্নত ব্যক্তিজনে খৰ্গহস্ত হৈ ৭ খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা পাছ লোৱা বুলি মন্তব্য কৰে৷ পৰৱৰ্তী সময়ত আব্দুৰ ৰহিম নামৰ সেই ব্যক্তিজনে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীক ৫০০ টকা উৎকোচ দি তেওঁৰ AS 06 K8905 নম্বৰৰ টয়টা গাড়ীৰ নামত পাছ সংগ্ৰহ কৰিছিল বুলি আৰক্ষী আৰু সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
সেই মৰ্মে টকা লোৱা কৰ্মচাৰীক বিচাৰি ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰক্ষীৰ এটা দলে অভিযান চলায়৷ অভিযানত টকা লোৱা কৰ্মচাৰীজনক চিনাকি কৰি দিয়াত ব্যৰ্থ হয় আব্দুৰ ৰহিম৷ মোৰাঝাৰ আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ 420/468/471/188/269/270 ধাৰাত 146/2020 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে ডবকা ৰাজহ চক্ৰ বিষয়া এ কে ইলিয়াছ আহমেদে অনুমোদন কৰা ‘লকডাউন পাছ’ৰ বহু লোকে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে৷
ইয়াৰ সমান্তৰালভাৱে জানিব পৰা মতে ডবকা ৰাজহ চক্ৰ বিষয়াই ইছ্যু কৰা অধিকাংশ পাছ বাতিল কৰিছে জিলা প্ৰশাসনে৷ ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো আৰি দিয়া হৈছে জাননী৷ জাননীত উল্লেখ কৰা মতে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত সমূহ ৰাইজক জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে যিকোনো জৰুৰী তথা প্ৰয়োজনীয় সেৱাৰ অনুমতি অনলাইনযোগে হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা হ’ব৷ ই-পাছৰ বাবে hojai.assam.gov.in ৱেবছাইট যোগেও আবেদন কৰিব পাৰিব বুলি জনাইছে হোজাই জিলা প্ৰশাসনে৷