Home ৰাজ্যসহায়ৰ হাত… গোৱালপাৰাত অৰুণোদয় কেন্দ্ৰৰ স্বত্তাধিকাৰীৰ খাদ্য সামগ্ৰী বিতৰণ

সহায়ৰ হাত… গোৱালপাৰাত অৰুণোদয় কেন্দ্ৰৰ স্বত্তাধিকাৰীৰ খাদ্য সামগ্ৰী বিতৰণ

by News Desk
A+A-
Reset
aruno

গোৱালপাৰাঃ সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা অব্য্যাহত আছে লকডাউন। এই সময়ছোৱাত ভিন্ন প্ৰান্তত একাংশলোকে খাদ্য সংকটত ভুগিবলৈ বাধ্য হৈ পৰিছে। অনুৰূপ দৃশ্য দেখা গৈছে গোৱালপাৰা চহৰতো। চহৰখনৰ শতাধিক পৰিয়ালে এইকেইদিন খাদ্যৰ অভাৱত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়াত পৰিছে।

সেয়ে, খাদ্য সংকটৰ সন্মুখীন হোৱা চহৰখনৰ কেবাটাও পৰিয়ালক মঙলবাৰে সাধ্য অনুযায়ী সাহায্য প্ৰদান কৰে গোৱালপাৰা চহৰৰ এজন হৃদয়ৱান যুৱক তথা চহৰখনৰ বিঅ’চিস্থিত অৰুণোদয় কেন্দ্ৰৰ স্বত্তাধিকাৰী ৰপ্তাৰুল ইছলামে। তেওঁ যোগান ধৰা খাদ্য সামগ্ৰীৰ টোপলাত আছিল চাউল, দাইল, তেল আৰু আলু।
 
আজি দিনৰ ভাগত নিজৰ চেণ্টাৰৰ সন্মুখত সহযোগীসকলৰ সৈতে তেওঁ চহৰৰ ৭ আৰু ১৪ নং ৱাৰ্ডৰ ২০টাকৈ পৰিয়ালক যোগান ধৰে খাদ্য সামগ্ৰী। ইয়াৰ লগতে তেঁও জিলাখনৰ প্ৰায় ২০০ টাকৈ কমন চাৰ্ভিছ চেণ্টাৰৰ স্বত্তাধিকাৰীসকলক অতি কমেও ৫টাকৈ পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0