চাংসাৰিঃ চাংসাৰি থানাৰ অন্তৰ্গত গৌৰীপুৰত আজি লকডাউনৰ নীতি ভংগ কৰিলে ক্ষুধাৰ্ত শ্ৰমিকে। ক্ষুধাৰ তাড়নাত ৰাজপথলৈ ওলাই আহিল কেইবা শ ৰেচন বঞ্চিত শ্ৰমিক। দৰিদ্ৰতাৰ ওচৰত হাৰ মানি উত্তৰ গুৱাহাটীৰ শ্ৰমিকে পেটৰ তাড়নাত ঘেৰাও কৰিলে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকী। উত্তৰ গুৱাহাটী আৰু গৌৰীপুৰস্থিত কেবাটাও উদ্যোগত কৰ্মৰত ৫ শতাধিক শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা দেখা গ’ল আৰক্ষীৰ সন্মুখত।
লকডাউনৰ সময়ছোৱাত খাদ্য সংকটৰ সন্মুখীন হৈ প্ৰতিবাদলৈ ওলাই অহা এইসকল ভাৰাতীয়া শ্ৰমিকৰ সৰহভাগেই ঠিকাভিত্তিক শ্ৰমিক। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰে দিন কটাবলৈ বাধ্য হোৱা শ্ৰমিকসকলে আজি থানাৰ সমুখলৈ ওলাই আহি ঠিকাদাৰ প্ৰদীপ কলিতা আৰু ঠিকাদাৰ নৱ মুৰ্দাবাদ ধ্বনিৰে আৰক্ষী চকী চৌহদ কঁপাই তোলে।