চাংসাৰিঃ চাংসাৰি থানাৰ অন্তৰ্গত গৌৰীপুৰত আজি লকডাউনৰ নীতি ভংগ কৰিলে ক্ষুধাৰ্ত শ্ৰমিকে। ক্ষুধাৰ তাড়নাত ৰাজপথলৈ ওলাই আহিল কেইবা শ ৰেচন বঞ্চিত শ্ৰমিক। দৰিদ্ৰতাৰ ওচৰত হাৰ মানি উত্তৰ গুৱাহাটীৰ শ্ৰমিকে পেটৰ তাড়নাত ঘেৰাও কৰিলে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকী। উত্তৰ গুৱাহাটী আৰু গৌৰীপুৰস্থিত কেবাটাও উদ্যোগত কৰ্মৰত ৫ শতাধিক শ্ৰমিকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা দেখা গ’ল আৰক্ষীৰ সন্মুখত। 

লকডাউনৰ সময়ছোৱাত খাদ্য সংকটৰ সন্মুখীন হৈ প্ৰতিবাদলৈ ওলাই অহা এইসকল ভাৰাতীয়া শ্ৰমিকৰ সৰহভাগেই ঠিকাভিত্তিক শ্ৰমিক। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰে দিন কটাবলৈ বাধ্য হোৱা শ্ৰমিকসকলে আজি থানাৰ সমুখলৈ ওলাই আহি ঠিকাদাৰ প্ৰদীপ কলিতা আৰু ঠিকাদাৰ নৱ মুৰ্দাবাদ ধ্বনিৰে আৰক্ষী চকী চৌহদ কঁপাই তোলে।

দীৰ্ঘদিনধৰি উত্তৰ গুৱাহাটীৰ সহস্ৰাধিক শ্ৰমিকৰ খবৰ নোলোৱা আৰক্ষীৰ বিৰুদ্ধেও খৰ্গহস্ত হৈ পৰে ভোকাতুৰ শ্ৰমিকসকল। চৰকাৰী সাহাৰ্য্য নোপোৱাৰ বাবে দুখীয়া শ্ৰমিকসকলে চৰকাৰকো কঠোৰ সমালোচনা কৰা দেখা গ’ল। উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক বুজনি দিয়া সত্বেও প্ৰতিবাদ বন্ধ নকৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চিআৰপিএফ মোতায়েন কৰে। এই প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীক দুৰ্ব্যৱহাৰ কৰাৰো  গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

কামৰূপ জিলাৰ প্ৰশাসনৰ বিৰুদ্ধেও উত্থাপিত হৈছে উত্তৰ গুৱাহাটীৰ এইসকল শ্ৰমিকৰ প্ৰতিবাদৰ কোনো খবৰ নোলোৱাৰ অভিযোগ। আজিৰ প্ৰতিবাদ প্ৰত্যক্ষ কৰি বহুতেই লকডাউনৰ সময়ছোৱাত চৰকাৰে ঘোষণা কৰা সাহায্যক লৈও প্ৰশ্ন উত্থাপন কৰিছে। চৰকাৰে ঘোষণা কৰা সাহায্য একপ্ৰকাৰ ভেকোভাওনাত পৰিণত হৈছে বুলিও আজি প্ৰতিবাদ সাব্যস্ত কৰা বহু শ্ৰমিকে মন্তব্য কৰে।

ইফালে, যি সময়ত আৰ্তজনক সহায়ৰ বাবে স্বাস্থ্যমন্ত্ৰীয়ে দিনক ৰাতি কৰি সমগ্ৰ ৰাজ্যখন ঘূৰি ফুৰিছে সেই সময়তে তেওঁৰ অজ্ঞাতে এচামে দালালৰাজ চলোৱাৰ অভিযোগ উঠিছে জালুকবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত। কোনো কোনো অঞ্চলত চাকৰিয়ালেও সাহায্য লাভ কৰাৰ অভিযোগ উঠিছে। এনে পৰিপ্ৰেক্ষিতত স্বাস্থ্যমন্ত্ৰীগৰাকীক ব্যস্ততাৰ মাজতো অকণমান সময়ৰ বাবে হ’লেও বিষয়টোত হস্তক্ষেপ কৰি খাদ্য সংকটৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে উপায়বিহীন শ্ৰমিকসকলে।