যোৰহাটঃ অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই লকডাউনৰ সময় বঢ়োৱা হ’ব পাৰে বহুতে আংশকা কৰাৰ সময়তে তেনে কোনো সম্ভাৱনাৰ কথা নুই কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ১৪ এপ্ৰিলত লকডাউনৰ অন্ত পৰাৰ পিছতে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নতুন বিকল্প কি কৰিব পৰা যাব সেই সম্পৰ্কে চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।
‘আমি লকডাউন বৃদ্ধি কৰাৰ কথা ভবাই নাই। সম্ভাৱনাও নাই। আমি ইয়াৰ বিকল্পৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছো। ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।’-যোৰহাট মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি শনিবাৰে এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।