নতুন দিল্লীঃ ২১ দিনৰ লকডাউনৰ ম্যাদ বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিছে কেন্দ্ৰ চৰকাৰে। সোমবাৰে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে লকডাউনৰ ম্যাদ বৃদ্ধি হ’ব পাৰে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যদিও উক্ত খবৰৰ কোনো ভিত্তি নাই।
চৰকাৰী সংবাদ সস্থা প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ৱে বিবৃতিযোগে জনাইছে, ‘চৰকাৰে ২১ দিনৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰিব। এনে উৰাবাতৰি আৰু সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি ভাইৰেল হৈ পৰিছে। কিন্তু কেবিনেট সচিবে এই বাতৰি অস্বীকাৰ কৰিছে। তেওঁ জনাইছে যে এই খবৰ সম্পূৰ্ণৰূপে ভিত্তিহীন।’