newsnextone.com | কলিয়াবৰঃ বিশুদ্ধ খোৱাপানীৰ ব্যৱসায় কৰাৰ নামত মাধ্য অসমত বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। নগাঁও জিলাৰ কলিয়াবৰৰ লোহিত নামৰ বিশুদ্ধ পানী ব্যৱসায়ী উদ্যোগৰ বিৰুদ্ধে বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। দীৰ্ঘদিন ধৰি খোৱাৰ অনুপযুক্ত পানী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে কিছুদিন পূৰ্বে কেইবাটাও লেতেৰা শেলুৱৈ মিহলি হৈ থকা পানীৰ বটল উদ্ধাৰ হয় কলিয়াবৰত।
জানিব পৰা মতে, লোহিত কোম্পানীয়ে যোগান ধৰিছিল বিভিন্ন দোকানত পানীৰ বটল। কিছুদিন পূৰ্বে কলিয়াবৰৰ হাতীগাঁৱৰ ৰফিকুল ইছলাম নামৰ এজন যুৱকে বিশুদ্ধ খোৱা পানীৰ বটলত কিনি খায় কলিয়াবৰত। পানী খোৱাৰ সময়ত বটলৰ ভিতৰত কলা কলা দাগ পৰা প্ৰত্যক্ষ কৰে। তাৰ পিছতে সেয়া শেলুৱৈ বুলি নিশ্চিত কৰে।