উত্তৰ শালমাৰাঃ “মানুহৰ জীৱনত লুকাই থাকে লোকগীত” – এই মন্তব্য বিশিষ্ট লোকশিল্পী বসন্ত পাটগিৰীৰ ৷ আজিৰে পৰা অভয়াপুৰী মহাবিদ্যালয়ত অভয়াপুৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান ‘শুক্লধ্বজ’ৰ উদ্যোগত আৰু অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ সহযোগত অনুষ্ঠিত অসমীয়া গীতৰ কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিশিষ্ট লোকশিল্পীগৰাকীয়ে ৷
অভয়াপুৰীৰ কেবাজনো উদ্যমী যুৱক-যুৱতীৰ দলে গঠন কৰা শুক্লধ্বজ নামৰ অনুষ্ঠানটোৱে বিগত বৰ্ষত কোচ ৰাজবংশী লোকনৃত্যৰ কৰ্মশালাৰ আয়োজন কৰি সফলতা লাভ কৰাৰ পি:ত দ্বিতীয়বাৰ আয়োজন কৰিছে অসমীয়া গীতৰ কৰ্মশালা ৷