newsnextone.com | ডিজিটেল ডেস্কঃ আন এটা গোচৰত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ আদালতে জামিন প্ৰদান কৰে সূৰা সম্ৰাট বিজয় মালিয়াক৷ লণ্ডন আৰক্ষীয়ে ২০১৭ চনৰ ০৩ অক্টোবৰত আৰ্থিক প্ৰতাৰণা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তাৰ লগে লগে বহিঃ সমৰ্পণ গোচৰ ৰুজু হৈছিল মালিয়াৰ বিৰুদ্ধে। পুনৰ লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ আদালতত মালিয়াই জামিন আবেদন কৰে। মঙলবাৰে জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানি কালত মালিয়াই খোদ আদালতত উপস্থিত থাকে। শুনানিৰ অন্তত মালিয়াক জামিন প্ৰদান কৰে আৰু জামিন লাভ কৰি বীৰ দৰ্পে আদালতৰ পৰা ওলাই আহে মালিয়াই।
উল্লেখ্য যে, লণ্ডন আৰক্ষীয়ে ২০১৭ চনৰ ০৩ অক্টোবৰত আৰ্থিক প্ৰতাৰণা গোচৰত বিজয় মালিয়াক লণ্ডন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মালিয়াই গ্ৰেপ্তাৰ হলেও জামিন লাভ কৰিবলৈ সক্ষম হয়৷ ৬০০০ কোটি টকা ঋণ লৈ দেশ এৰি লণ্ডনলৈ গুছি গৈছিল দেশৰ একালৰ প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে৷