newsnextone.com | ডিফুঃ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ২৮ সংখ্যক অধ্যক্ষ পদত অধিষ্ঠিত হয় কাৰ্বি স্বায়ত্ত পৰিষদৰ জ্যেষ্ঠ এম এচি লংকি  তিমুঙ ৷ ২৪ জুলাইত পৰিষদৰ সচিব বীৰ চিং ইংতিক কাৰ্বি পৰিষদৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা লংকি তিমুঙ বিনা প্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হয় ৷

কাৰ্বি পৰিষদৰ ছেছন হ'লত তেওঁ আনুষ্ঠানিক ভাবে নিজৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে বুধবাৰে৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপাধ্যক্ষ ৰিতেশ ইংহি আৰু পৰিষদৰ ইএম আৰু এমএচিসকলে নৱ নিযুক্ত অধ্যক্ষগৰাকীক উষ্ম সম্বাৰ্ধনা জ্ঞাপন কৰাৰ লগতে পৰিষদৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত সৰ্ব প্ৰকাৰৰ সহযোগ আগবঢ়াই যাব বুলি আশ্বাস দিয়ে৷ 

আনহাতে নৱনিযুক্ত অধ্যক্ষ লংকি তিমুঙে সাংবাদিকৰ আগত কয় যে তেওঁ কাৰ্বি পৰিষদৰ অধ্যক্ষ পদৰ দৰে উচ্চ আৰু সন্মানীয় পদ পাব বুলি কল্পনাই কৰা নাছিল, এই পদ লাভ কৰি সুখী হৈছো বুলি কৈ কামৰ জৰিয়তে পদৰ মৰ্যদা অক্ষুণ্ণ ৰাখিম বুলি কয়৷

পূৰ্বৰ কংগ্ৰেছৰ সময়ত বৰজান পৰিষদীয় সমষ্টিৰ পৰা দুবাৰকৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্যৰ পদ অলংকৃত কৰি পৰৱৰ্তী কালত বিজেপি দললৈ গমণ কৰিও সমষ্টিটোৰ পৰা পুনৰ এমএচি হিচাপে নিৰ্বাচিত হৈ আহে ৷ দ্বাদশ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ হৰেণ চিং বে' পদত্যাগ কৰাৰ পিছত অধ্যক্ষ পদটো খালী হৈ থকাৰ বাবে পুনৰ পদটোত লংকি তিমুঙক নিৰ্বাচন কৰা হয়৷