ৰঙিয়াঃ ৰঙিয়াত দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে৷ এক কথাত কবলৈ গলে ৰঙিয়া হৈ পৰিছে দুৰ্বৃত্তৰ ৰম্যভূমি৷ নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই যেতিয়া ইচ্ছা তেতিয়াই যিকোনো লোকক লুটি নিব পাৰে দুৰ্বৃত্তই৷ এইবাৰ জালত পৰিল প্ৰক্তন আছু নেতা৷ কামৰূপ জিলা আছুৰ অধীনৰ পুঠিমাৰি আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানক বৃহস্পতিবাৰে নিশা লুটি নিয়ে৷
ৰঙিয়া ব্যৱসায়ী সন্থাৰ সম্পাদক তথা প্ৰাক্তন আছুৰ নেতা মজিবুৰ ৰহমানে বৃহস্পতিবাৰে নিশা ৰঙিয়া চহৰৰ পৰা দোকান বন্ধ কৰি নিজ গৃহলৈ গৈ থকাৰ সময়ত বাইকত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে লুটি নিয়ে৷ জানিব পৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত ৰহমানে ৰঙিয়া বজাৰস্থিত আলু-পিয়াজৰ পাইকাৰী দোকান বন্ধ কৰি চহৰৰ সমীপৰ ৰঙিয়া শৌলমাৰীৰ নিজগৃহলৈ গৈ আছিল৷ ৰহমানক ৰঙিয়া আৰক্ষী থানাৰ সন্মুখৰ পৰাই দুখন বাইকে পিছ লয়।