ডিজিটেল ডেস্কঃ মুম্বাইৰ আকাশৰ পৰাই হেৰাই গ’ল হেলিকপ্তাৰ। পৱনহংছৰ হেলিকপ্তাৰখনত ৫ জন যাত্ৰী আৰু ২জন পাইলট আছিল। উল্লেখ্য,প্ৰতিজন যাত্ৰীয়ে অএনজিচিৰ কৰ্মচাৰী। তথ্য অনুসৰি যিখন তৈল ৰিগত হেলিকপ্তাৰখনৰ অবতৰণ কৰাৰ কথা আছিল, উক্ত স্থানত নিৰ্দিষ্ট সময় অতিক্ৰম কৰাৰ পিছতো হেলিকপ্তাৰখন অবতৰণ নকৰে। ইফালে হেলিকপ্তাৰখনৰ সৈতে কোনোধৰনৰ যোগাযোগ কৰিব পৰা হোৱা নাই।
সাগৰ পৃষ্ঠৰ তলৰ পৰা তেল ওপৰলৈ তোলাৰ বাবে এখন প্ল্যাটফৰ্ম থাকে, সেইধৰণৰ এখন তৈল ৰিগত ১০.৩০ মান বজাত অবতৰণ কৰাৰ কথা আছিল পৱনহংছৰ হেলিকপ্তাৰখনৰ। পুৱা জুহু বিমানবন্দৰৰ পৰা হেলিকপ্তাৰখন উৰা মাৰে। আৰু ১০.২৫ মিনিটত জুহু এয়াৰ ট্ৰ্যাফিক কনট্ৰোলৰ পৰিবৰ্তে ‘অয়েল ৰিগৰ’ নিজা এয়াৰ ট্ৰ্যাফিক কনট্ৰোলে হেলিকপ্তাৰখনৰ সৈতে যোগাযোগৰ দায়িত্ব লয়৷
কিন্তু সেই সময়তে ৰাডাৰৰ পৰা হেৰাই যায় হেলিকপ্তাৰখন৷ ইফালে অন্তৰ্ধান হোৱা হেলিকপ্তাৰৰ সন্দৰ্ভত উপকূল ৰক্ষী বাহিনীক সজাগ কৰিছে অএনজিচিয়ে৷ আৰম্ভ হৈছে তালাচি অভিযান৷