ওদালগুৰিঃ কোনো অভিমানী পুৰুষে প্ৰেমক সহজেই বিসৰ্জন দিব নোৱাৰে। পুৰুষৰ সকলো গুণে নাৰীক আৰু নাৰীৰ গুণে পুৰুষক সদায় আকৰ্ষণ কৰে৷ নাৰী পুৰুষৰ বিশেষ গুণৰ কথা অৱগত হৈয়ে তৰুণ-তৰুণীয়ে প্ৰেমত মত্ত হয়৷ প্ৰথম দৃষ্টিতে নাৰীৰ বিশেষ গুণে হৃদয় কাঢ়ি নিয়ে কোনোবা জন তৰুণৰ। তাৰ পিছতে প্ৰেম হয়৷ প্ৰেমীকে প্ৰেয়সীক প্ৰেম নিবেদন কৰিবলৈ ধৰে আৰু বহুতে সফল হয় আন বহুতে বিফলো হয়।
কিন্তু ওদালগুৰিৰ মাজবাটৰ এহাল প্ৰেমিক-প্ৰমিকাৰ প্ৰেমক চেল্যুট জনাইছে বহু লোকে৷ প্ৰেম অমৰ, প্ৰেম অন্ধ এই সকলোবোৰ কথাকে সঁচা বুলি প্ৰতিপন্ন কৰিছে এহাল প্ৰেমিক-প্ৰমিকাৰ প্ৰেমে৷ এই প্ৰেমৰ সম্পৰ্কই এতিয়া সমগ্ৰ ওদালগুৰি জিলাখনতেই ব্যাপক চৰ্চা লাভ কৰিছে।