চলনাময়ী প্ৰেমিকাৰ ক্ষোভৰ জুইত জ্বলি ছাঁই হ'ল অমৰৰ ভালপোৱা..

দেহত জুই জ্ৱলাই হত্যাৰ চেষ্টা চলাইছিল প্ৰেমিকাই..

তেজপুৰঃ অমৰৰ মৃত্যু হ’ল৷ মৃত্যু ঘটিল এগৰাকী সঁচা প্ৰেমিকৰ৷ এগৰাকী প্ৰেমৰ সংজ্ঞাক সলনি কৰা প্ৰেমিকাই জ্বলাই দিয়া জুইত জ্বলি চিকিৎসালয়ৰ বিচনাত চটফটাই অৱশেষত শুকুৰবাৰে অচিনা দেশলৈ গ’ল তেজপুৰৰ অমৰ৷ প্ৰেমক স্বৰ্গীয় বুলি কয় যদিও অমৰে যেন প্ৰেমৰ ওচৰত হাৰ মানি পৃথিৱীৰ পৰা মেলানি মাগিলে৷ অমৰ যেন হাৰি গ’ল প্ৰকৃত ভালপোৱাৰ ওচৰত।

কিছুদিন পূৰ্বে সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা৷ যোৱা ২৩ এপ্ৰিলত তেজপুৰৰ লালমাটি নিৱাসী অমৰনাথ শৰ্মা নামৰ যুৱকজনক দেহৰ ৮০ শতাংশ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল তেজপুৰ চহৰৰ মাজমজিয়াৰ এটা নলাৰ পৰা৷ স্থানীয় ৰাইজে অৰ্ধ দগ্ধ অৱস্থাত অমৰক এটা নলাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ 

অমৰক উদ্ধাৰ কৰি কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও অৱস্থা সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজলৈ আৰু তাৰ পিছত হায়াত হস্পিতালত ভৰ্তি কৰা হয়৷ হায়াত হস্পিতালত ৭ দিন জীৱন মৃত্যুৰ সতে যুঁজি অৱশেষত মৃত্যুক আঁকোৱালি লয় প্ৰেমিকাৰ ক্ষোভৰ জুইত দগ্ধ অমৰে৷ 

ঘটনা অনুসৰি, অমৰনাথ শৰ্মা নামৰ যুৱকজনৰ চাৰি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল এল বি ৰোডৰ এগৰাকী যুৱতীৰ সৈতে৷ কিন্তু পিছত যুৱতী গৰাকীয়ে অমৰ নাথ শৰ্মাৰ লগতে আন এগৰাকী যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ কথা অৱগত হৈছিল৷ অমৰে প্ৰেমিকাৰ তেনে নকৰিবলৈ কোৱাৰ পিছতো প্ৰেমিকাই আন এজন যুৱকৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলাত অমৰ শৰ্মা বিতুষ্ট হৈ পৰে৷ 

অমৰে প্ৰেমৰ চলেৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰেমিকাৰ বিৰুদ্ধে থানাত এটি গোচৰ ৰুজু কৰে৷ ইয়াৰ পিছতেই অমৰ শৰ্মাৰ চলনাময়ী প্ৰেমিকাই অমৰক ঘৰলৈ মাতি নি আৰু বিকি ৰায় নামৰ এজন যুৱকৰ সহায়ত অমৰৰ দেহত তেল ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতেই অগ্নিদগ্ধ শৰীৰ তেজপুৰ চহৰৰ মাজমজিয়াৰ এটা নলাত উদ্ধাৰ হয়৷

ইফালে অমৰৰ মৃত্যুত অভিযুক্ত অমৰৰ প্ৰেমিকা আৰু তাইৰ মাতৃক তেজপুৰ আৰক্ষীয়ে আটক কৰে৷ প্ৰেমৰ বাবেই অমৰৰ এনেদৰে মৃত্যু ঘটাত সমগ্ৰ তেজপুৰবাসীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অমৰ শৰ্মাৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে৷