নাগপুৰস্থিত অধিবক্তা সতীশ মহাদেউৰাও ইউকেই ন্যায়াধীশ বি এইচ লোয়াৰ ৰহস্যজনক মৃত্যু তেজস্ক্ৰীয় বিষক্ৰিয়াৰ ফলত হৈছিল বুলি দাবী কৰিছে। বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ খণ্ড বিচাৰপীঠত অধিবক্তাজনে দাখিল কৰা এক আবেদনত কয় যে ন্যায়াধীশ লোয়াৰ মৃত্যু দৰাচলতে হাৰ্ট এটেকত হোৱা নাছিল, হৈছিল 'redioactive isotope poisoning’ৰ বাবেহে৷

‘নেচনেল হেৰাল্ড’ৰ বাতৰিত প্ৰকাশ যে আবেদনখনত অধিবক্তা সতীশে লগতে অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অমিত শ্বাহৰপৰা তেওঁৰ জীৱনলৈ ভাবুকি আছে৷

বাতৰিটোৰ মতে, সতীশে কয়, ‘কাইলৈ মই জীয়াই থাকিম নে নাই নজানো৷ ন্যায়াধীশ লোয়াৰ মৃত্যু সম্পৰ্কীয় তথ্য-প্ৰমাণ নষ্ট কৰি পেলোৱা হৈছিল যদিও আমি আন আন বিভাগৰপৰা সেইবোৰ পুনৰ একত্ৰিত কৰিছোঁ৷ এই তথ্য-প্ৰমাণ আবেদনৰ লগত গাঁঠি দিয়া হৈছে৷ আদালতলৈ মোৰ আহ্বান এয়ে যে তথ্য-প্ৰমাণসমূহ সুৰক্ষিত ৰখাটো আদালতে নিশ্চিত কৰে যেন যাতে মোৰ মৃত্যু হ’লেও তদন্ত প্ৰক্ৰিয়া চলাই যাব পৰা যায়’৷

উল্লেখ্য যে, বিয়াগোম বিয়াগোম ৰাজনীতিকৰে মিলি অনেক ৰাজনৈতিক অপৰাধ কৰাৰ অভিযোগ থকা ছোহৰাবউদ্দিন আৰু প্ৰজাপতিৰ ভুৱা এনকাউণ্টাৰৰ গোচৰ বিচাৰ কৰিছিল নিষ্ঠাৱান হিচাপে পৰিচিত চি বি আইৰ বিশেষ ন্যায়াধীশ লোয়াই। তেওঁৰে বন্ধু ন্যায়াধীশ এম বি গোছাবিৰ কন্যাৰ বিয়ালৈ যাওঁতে পুৱতি নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি কোৱা হয়৷ অৱশ্যে তেওঁৰ পোচাকত তেজৰ চেকুৰা দেখা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছিল৷ তাৎপৰ্যপূৰণভাৱে ন্যায়াধীশ লোয়াৰ মৃত্যুৰ পাছত এই বিচাৰৰ দায়িত্ব এম বি গোছাবিকে দিয়া হয় আৰু তেওঁ দায়িত্বভাৰ লোৱাৰ মাত্ৰ এমাহৰ ভিতৰতে অমিত শ্বাহসহ সকলো ৰাজনৈতিক নেতাক দোষমুক্ত কৰিছিল৷