newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰধান সচিব শশী প্ৰকাশ গোৱেলৰ বিৰুদ্ধে উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন কৰা অভিষেক গুপ্তা নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে জিম্মাত লয়৷ এই ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিশা হজৰতগঞ্জ আৰক্ষী থানাত প্ৰতাৰণাৰ এটা গোচৰ ৰুজু কৰা হৈছিল৷
উল্লখ্য যে, লক্ষ্নৌৰ বাসিন্দা অভিষেক গুপ্তাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এছপি গোৱেলৰ বিৰুদ্ধে ২৫ লাখ টকা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ ইফালে, অভিষেকক আটক কৰাৰ পিছতেই অভিষেকৰ পৰিয়ালে আৰক্ষীৰ তদন্তৰ বিৰোধিতা কৰে৷ পৰিয়ালে নিৰপেক্ষ তদন্তৰ দাবী জনায়৷