মোৰাঝাৰঃ জাতি, মাটি, ভেটিৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা শাসনাধিষ্ঠ বিজেপি চৰকাৰে সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টাঙনি বান্ধিছে আৰু সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়তসমূহত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুুতি ৷ তাৰে মাজতে চৰকাৰখনে সমগ্ৰ ৰাজ্যখনকে দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে উঠি পৰি লাগিছে যদিও হোজাই জিলাৰ লামডিঙৰ দক্ষিণ লামডিং গাওঁ পঞ্চায়তত এটাৰ পাছত এটা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য, পথ নিৰ্মাণৰ নামত দক্ষিণ লামডিং পঞ্চায়তৰ অধীনত থকা গাওঁবাসীক প্ৰৱঞ্চনা কৰাৰ গুৰতৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি লামডিং উন্নয়ন খণ্ডৰ অধীনৰ বিজেপিৰ দখলত থকা দক্ষিন লামডিং গাওঁ পঞ্চায়তৰ সভাপতি অমিত দাস আৰু তেওঁৰ ঘনিষ্ঠ প্ৰদীপ দাসে পথ উন্নয়নৰ ধন আত্মসাৎ কৰা অভিযোগ উত্থাপন হৈছে ৷ পথৰ নামত এঠাইত যদি ২২ লাখ আন ঠাইত আকৌ ৮ লাখ, ১০ লাখ টকাৰ আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰিছে লামডিঙৰ বিধায়ক শিবু মিশ্ৰই ৷