মোৰাঝাৰঃ বুধবাৰে নিবনুৱা যুৱক-যুৱতীয়ে লামডিঙৰ মাণ্ডলিক প্ৰৱন্ধক কাৰ্যালয়ত ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ থলুৱা যুৱক-যুৱতীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লামডিংস্থিত মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত শতাধিক যুৱক-যুৱতীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ সাংসদ ৰাজেন গোঁহাইয়ে ৰেল ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতো বিভাগটোত ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে শিক্ষিত যুৱক-যুৱতীয়ে৷
উল্লেখ্য যে, ৰেল বিভাগৰ ‘লিবাৰেলাইজ এক্টিভ ৰিটায়াৰমেন্ট ফৰ গেৰান্টেড এমপ্লয়ী ফৰ ছেফটি ষ্টাফ’ নামৰ আঁচনি খনৰ অধীনত বহু যুৱক-যুৱতীয়ে চাকৰিৰ বাবে আবেদন কৰিছিল। আঁচনিখনৰ অধীনত যি সকল চাকৰিয়ালে অসুস্থতা বা বিশেষ কাৰণবশতঃ ৰেল বিভাগৰ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে তেওঁলোকৰ সন্তানে পিতৃ-মাতৃৰ স্থানত চাকৰিত নিযুক্তি লাভ কৰিব লাগে। আঁচনিখনৰ জৰিয়তে ২০১৬ চনত ২৮ জন আৰু ২০১৭ চনত ৫১ জন যুৱক-যুৱতীক চাকৰিৰ বাবে নিৰ্বাচিত কৰিছিল যদিও আজিকোপতি ৰেল বিভাগে নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।