লংকাঃ ৰাজ্যত এতিয়া সুৰক্ষিত নহয় আধ্যাত্মিক শৃংখলা আৰু সুক্ষ্ম নীতিবোধৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত থকা বৌদ্ধ ভিক্ষুসকল৷ দুগৰাকী বৌদ্ধ ভিক্ষুসহ চাৰিগৰাকী লোকক বিষ পান কৰাই হত্যাৰ চেষ্টা চলোৱা ঘটনাই সকলোকে এনেদৰে ভবাই তুলিছে।
হোজাই জিলাৰ লামডিঙত বৌদ্ধ বিহাৰৰ ভিতৰতে হত্যাৰ চেষ্টা চলায় চাৰিগৰাকী লোকক৷ হোজাই জিলাৰ লামডিঙত ধৰ্ষণ, হত্যাকে আদি কৰি কেইবাটাও ঘটনা সংঘটিত হৈ অহাৰ মাজতে শনিবাৰে নিশা দুৰ্বৃত্তই বৌদ্ধ ভিক্ষুসহ চাৰিগৰাকী যুৱকক হত্যাৰ অপচেষ্টা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লামডিঙৰ বৌদ্ধ বিহাৰত এই ঘটনাটো সংঘটিত হয়।