বাৰপূজীয়াঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া ঘটনা অতি দুৰ্ভাগ্যজনক৷ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল লুইতৰ দুয়োপাৰ জিলিকাবলৈ৷ লুইতৰ দুয়োপাৰৰ মানুহৰ জ্ঞান, প্ৰজ্ঞা উজলাই তুলিবলৈ প্ৰতিষ্ঠা কৰা হৈছিল বিশ্ববিদ্যালয়খন৷ বিশ্ববিদ্যালয়খনৰ অৱদানৰ কথা প্ৰতিমুহূৰ্তত সোঁৱৰে ইয়াৰ ৰাইজে৷ ৰাইজে প্ৰতিষ্ঠা কালৰে পৰা সেই আশাৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ মূখলৈ বাট চাই থাকে৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷
মঙলবাৰে মৰিগাঁৱত উপস্থিত হৈ সাংবাদিকেৰে মুখামুখি হৈ লুৰিণজ্যোতি গগৈয়ে আৰু কয় ‘‘বিশ্ববিদ্যালয়ৰ পবিত্ৰ মজিয়াত ৰাজনৈতিক কাৰচাজি আৰম্ভ হৈছে৷ ৰাজনৈতিক গতিবিধি আৰম্ভ হৈছে৷ এটা সমৰ সদৃশ পৰিৱেশ সাম্প্ৰদায়ীক চিন্তা, চৰ্চা কৰা হৈছে৷ অসমৰ সমাজ জীৱনত কুলষিত কৰিব পৰা বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা এনে কাম কাজ কৰা নহয় তাৰ ব্যৱস্থা কৰিব লাগে৷