বাৰপূজীয়াঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া ঘটনা অতি দুৰ্ভাগ্যজনক৷ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল লুইতৰ দুয়োপাৰ জিলিকাবলৈ৷ লুইতৰ দুয়োপাৰৰ মানুহৰ জ্ঞান, প্ৰজ্ঞা উজলাই তুলিবলৈ প্ৰতিষ্ঠা কৰা হৈছিল বিশ্ববিদ্যালয়খন৷ বিশ্ববিদ্যালয়খনৰ অৱদানৰ কথা প্ৰতিমুহূৰ্তত সোঁৱৰে ইয়াৰ ৰাইজে৷ ৰাইজে প্ৰতিষ্ঠা কালৰে পৰা সেই আশাৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ মূখলৈ বাট চাই থাকে৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷

মঙলবাৰে মৰিগাঁৱত উপস্থিত হৈ সাংবাদিকেৰে মুখামুখি হৈ লুৰিণজ্যোতি গগৈয়ে আৰু কয় ‘‘বিশ্ববিদ্যালয়ৰ পবিত্ৰ মজিয়াত ৰাজনৈতিক কাৰচাজি আৰম্ভ হৈছে৷ ৰাজনৈতিক গতিবিধি আৰম্ভ হৈছে৷ এটা সমৰ সদৃশ পৰিৱেশ সাম্প্ৰদায়ীক চিন্তা, চৰ্চা কৰা হৈছে৷ অসমৰ সমাজ জীৱনত কুলষিত কৰিব পৰা বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা এনে কাম কাজ কৰা নহয় তাৰ ব্যৱস্থা কৰিব লাগে৷

চৰকাৰ খনেও ৰাজনৈতিক আখৰাথলিত পৰিণত নকৰি বৌদ্ধিক, বিদ্যাতনিক গৱেষণাৰ পৰিৱেশ যাতে থাকে সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰ খনে৷ অন্যথাই আমি বিশ্ববিদ্যালয়ৰ বুকুৰ পৰা পাব লগা খিনিৰ পৰা বঞ্চিত হম৷ এনেধৰণৰ কাম কাজৰ পৰা বিৰত থাকক সকলো পক্ষ৷’’

 ইমানে নহয় গগৈয়ে চূড়ান্ত অজ্ঞানী, শিয়াল পণ্ডিত মানুহৰ সমাৱেশ ঘটিছিল বুলি কয় গুৱাহাটী বিশ্ববিদ্যালয়ত৷ অসমৰ ভাষা, সংস্কৃতি, ইতিহাস, সভ্যতা, ধৰ্মীয় সভ্যতা নজনাকৈ সমাজ জীৱনক বিভ্ৰান্ত কৰিব বিচৰা হৈছে৷ অসমৰ ইতিহাস বিকৃত কৰিব বিচৰা হৈছে৷ শ্ৰীমন্ত শংকৰদেৱ আৰু সুধাকন্ঠ ভূপেন হাজৰিকাৰ দৰে বিশ্ববিশ্ৰুত, মহাপুৰুষে নিজৰ সৃষ্টি ৰাজিত জাতি সত্তাৰ কথা কবই৷ তেওলোকৰ সৃষ্টি ৰাজিত নিজৰ জাতীৰ কথা কবই৷

নিজৰ শিপাক পাহৰি কেতিয়াও কৃষ্টি, সংস্কৃতি আগবঢ়া নাই৷ ভাৰতবৰ্ষৰ কথা মানৱ সভ্যতাৰ কথা বিশ্ব খনৰ কথা তেওলোকৰ কৰ্মৰাজীত আছে কাৰণে তেওলোক আজি মহাপুৰুষ৷ সেই কাৰণে ড০ ভূপেন হাজৰিকা বিশ্ব বৰেণ্য শিল্পী৷ জ্ঞান সংগম নামৰ এটি অনুষ্ঠানে গুৱাহাটী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত কৰা এটি অনুষ্ঠানত আৰএছএছৰ নেতা কৃষ্ণ গোপালে শ্ৰীমন্ত  শংকৰদেৱ আৰু ড০ ভূপেন হাজৰিকা সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়োৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ অহাৰ সময়তে আছুনেতাগৰাকীয়ে উক্ত অনুষ্ঠানত চূড়ান্ত অজ্ঞানী, শিয়াল পণ্ডিত মানুহৰ সমাৱেশ ঘটিছিল বুলি কয়৷

অসমৰ বায়ু পানীৰ সৈতে সম্পৰ্ক নথকা আৰ এছ এছ নেতা কৃষ্ণ গোপালৰ বিতৰ্কিত মন্তব্যৰ পিছতেই ৰাজ্যৰ দল-সংগঠনে জাঙুৰ খাই উঠে৷ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ব বিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ১১ ফেব্ৰুৱাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্ববিদ্যালয়ৰ মূল গেট বন্ধ কৰি ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ এনে কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷

আনহাতে শেহতীয়া চোৰাং চোৱাৰ খবৰ মতে অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ত আৰএছএছ এবিভিপিৰ দৰে সংগঠনৰ সৈতে আন সংগঠনৰ সংঘাত হ’ব পাৰে বুলি প্ৰতিবেদন প্ৰকাশ কৰে৷ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ত ৰক্তাক্ত হ’ব পাৰে বুলি সতৰ্ক কৰি দি আৰক্ষীক বাৰ্তা প্ৰেৰণ কৰে ৰাজ্যজুৰি৷