newsnextone.com | গুৱাহাটীঃ বৈচিত্ৰময় আছিল তেওঁৰ কৰ্মজীৱন। দেশৰ প্ৰধানমন্ত্ৰী পতাত আগভাগ লৈছিল তেওঁ। নাম আছিল তেওঁৰ  মুথুভেল কৰুণানিধি। তামিল ৰাজনীতিত একছত্ৰী সম্ৰাট আছিল তেওঁ। এফালে ৰাজনীতি আনফালে তামিল চিনেমা জগতৰ চিত্ৰনাট্যকাৰ। দুয়ো ফালে নায়কৰ ভূমিকা গ্ৰহণ কৰিছিল তেওঁ। জনপ্ৰিয়তা আছিল প্ৰৱল। ৫বাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। মৃত্যুৰ দিনটোলৈ ডিএমকে দলটোৰ তেওঁ আছিল সভাপতি।

১৯২৪ চনৰ ৩ জুনত তামিলনাডুৰ নাহাপট্টিনাম জিলাৰ থিৰুকুলভালিত জন্ম গ্ৰহণ কৰিছিল তেওঁ। ভাৰতৰ আঞ্চলিকতাবাদী ৰাজনীতিত নতুন দিশ দিয়া মানুহজনে দক্ষিণৰ সকলো দিশত পাৰ্গত নেতা হিচাপে চিহ্নিত হৈছিল। স্কুলত পঢ়া কালৰ পৰাই কবিতা, গল্প লিখাৰ ধাউতি আছিল তেওঁৰ। কবিতা, গল্পৰ লিখাৰ লগতে মাথো ১৪ বছৰ বয়তে জাষ্টিছ পাৰ্টিৰ নেতা আজাগিৰীস্বামীৰ নেতৃত্বত সমাজ সংস্কাৰ আন্দোলনত জৰিত হৈ পৰিছিল। সেয়া যেন আছিল আৰম্ভণিহে। ১৪ বছৰীয়া কিশোৰগৰাকীয়ে একাংশ বন্ধুৰ সৈতে লগলাগি দ্ৰাবিড় আন্দোলনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।  

তেওঁ সকলোৰে নজৰত পৰে ১৯৫৩ চনত। কাল্লুকুদি আন্দোলনৰ নেতৃত্ব দি সকলোৰে চকুত পৰিছিল। ডালমিয়া সংস্থাই গঢ়ি তোলা চিমেণ্ট কাৰখানাৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলনৰ পৰা তেওঁক সকলোৱে জানিবলৈ আৰম্ভ কৰে। ডালমিয়া কোম্পানীৰ চিমেণ্টৰ কাৰাখানা নিৰ্মাণ কৰাৰ লগতে উক্ত ঠাইৰ নাম সলনি কৰি ডালমিয়াপুৰ কৰিব খোজাত এয়া উত্তৰ ভাৰতৰ আগ্ৰাসন আখ্যা দি প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু তেওঁৰ নেতৃত্বত হাজাৰ হাজাৰ লোক থিয় দিছিল। 

প্ৰশাসনে অত্যাচাৰ সহি প্ৰতিবাদ আগুৱাই নিছিল তেওঁ। সেই সময়ত কৰুণানিধিক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই ৰখা হৈছিল। ৰাইজ একত্ৰিত হৈ কৰুণানিধিৰ হৈ পুনৰ উত্তাল কৰিছিল ৰাজপথ। আৰক্ষীৰ গুলিত বিক্ষোভকাৰীৰ মৃত্যু হৈছিল। তাৰ লগে লগে গণ বিক্ষোভৰ ৰূপ লৈছিল আন্দোলনে। একেই সময়তে তামিল চিনেমা জগতত চিত্ৰ নাট্যকাৰ হিচাপেও জনপ্ৰিয়তা লাভ কৰিছিল। এগৰাকী প্ৰতিবাদকাৰী আৰু চিনেমৰ চিত্ৰনাট্যকাৰ হিচাপে পৰিচিত হৈছিল কৰুণানিধি। তাৰ লগে লগে জেলৰ পৰা ওলাই আহি এগৰাকী চৰকাৰ বিৰোধী বক্তা হিচাপে জনপ্ৰিয়তা লাভ কৰে। 

সমানে তামিল সাহিত্যৰ এগৰাকী ভাল লিখক হিচাপে খ্যাতি লাভ কৰিছিল। বহু কবিতা আৰু গল্প লিখিছিল। ১৯৫৭ চনত তামিলনাডুত অনুষ্ঠিত হোৱা বিধানসভাত কৰুণানিধিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। ৩৩ বছৰ বয়সত বিধায়ক নিৰ্বাচিত হয়। সেই সময়তে ১৯৬১ চনত ডিএমকে দলৰ তেওঁ কোষাধ্যক্ষ নিৰ্বাচিত হয়। ১৯৬২ চনত দলে বিধানসভাৰ বিৰোধী উপ-দলপতি নিৰ্বাচিত কৰে। ১৯৬৭ চনত ডিএমকে দল শাসনলৈ আহে। মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত লয়।

এটাৰ পিছত এটা পদ লাভ কৰি যায়।। ১৯৬৯ তেওঁ প্ৰথম বাৰ মুখ্যমন্ত্ৰী হয়। দলৰ নেতৃত্বও লাভ কৰে কৰুণানিধিয়ে। বহু বিতৰ্কিত ৰাজনৈতিক নেতা হিচাপে জনাজাত আছিল তেওঁ। এলটিটিৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আছিল তেওঁ বিৰুদ্ধে।

১৯৯৮ চনত কৰুণানিধিৰ দল দ্ৰাবিড় মুনেত্ত কণগমে বিপি সিঙৰ মিত্ৰজোঁটৰ চৰকাৰত চামিল হৈছিল৷ ইয়াৰ পিছত বিজেপি, কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ লগতে তৃতীয় মৰ্চা পৰ্যন্ত গঠন কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰ গঠন কৰাত কেইবাবাৰো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কৰুণানিধিয়ে৷ তেওঁ প্ৰথমবাৰ তামিলনাডুৰ ১৯৬৯ চনত মুখ্যমন্ত্ৰী হৈছিল৷ ২০০৬ চনলৈ পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হৈছিল৷