newsnextone.com | গুৱাহাটীঃ বৈচিত্ৰময় আছিল তেওঁৰ কৰ্মজীৱন। দেশৰ প্ৰধানমন্ত্ৰী পতাত আগভাগ লৈছিল তেওঁ। নাম আছিল তেওঁৰ মুথুভেল কৰুণানিধি। তামিল ৰাজনীতিত একছত্ৰী সম্ৰাট আছিল তেওঁ। এফালে ৰাজনীতি আনফালে তামিল চিনেমা জগতৰ চিত্ৰনাট্যকাৰ। দুয়ো ফালে নায়কৰ ভূমিকা গ্ৰহণ কৰিছিল তেওঁ। জনপ্ৰিয়তা আছিল প্ৰৱল। ৫বাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। মৃত্যুৰ দিনটোলৈ ডিএমকে দলটোৰ তেওঁ আছিল সভাপতি।
১৯২৪ চনৰ ৩ জুনত তামিলনাডুৰ নাহাপট্টিনাম জিলাৰ থিৰুকুলভালিত জন্ম গ্ৰহণ কৰিছিল তেওঁ। ভাৰতৰ আঞ্চলিকতাবাদী ৰাজনীতিত নতুন দিশ দিয়া মানুহজনে দক্ষিণৰ সকলো দিশত পাৰ্গত নেতা হিচাপে চিহ্নিত হৈছিল। স্কুলত পঢ়া কালৰ পৰাই কবিতা, গল্প লিখাৰ ধাউতি আছিল তেওঁৰ। কবিতা, গল্পৰ লিখাৰ লগতে মাথো ১৪ বছৰ বয়তে জাষ্টিছ পাৰ্টিৰ নেতা আজাগিৰীস্বামীৰ নেতৃত্বত সমাজ সংস্কাৰ আন্দোলনত জৰিত হৈ পৰিছিল। সেয়া যেন আছিল আৰম্ভণিহে। ১৪ বছৰীয়া কিশোৰগৰাকীয়ে একাংশ বন্ধুৰ সৈতে লগলাগি দ্ৰাবিড় আন্দোলনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।