newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ডিএমকেৰ মুৰব্বী এম কৰুণানিধিৰ নশ্বৰদেহ দৰ্শন কৰিবলৈ আৰু শেষ শ্ৰদ্ধা যাচিবলৈ লাখ লাখ লোক সমবেত হয়। তাৰ লগে লগে দেশৰ শাসক-বিৰোধী দলৰ নেতাসকলে চেন্নাইৰ ৰাজাজী হ’লত উপস্থিত হৈ এম কৰুণানিধিকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে শেষ শ্ৰদ্ধা যাচে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, চুপাৰষ্টাৰ ৰজনীকান্ত, এছ পি নেতা অখিলেশ সিং, আৰজেডি নেতা তেজস্বী যাদৱ, কংগ্ৰেছ নেতা প্ৰফুল্ল পেটেল, নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, এনচিপি নেতা শাৰদ পাৱাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাও, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজায়নে শেষ শ্ৰাদ্ধা যাচে।