69
ডিজিটেল ডেস্কঃ শিক্ষাৰ বাবে বয়সৰ কোনো সীমা নাই৷ তাৰেই এক প্ৰমাণ কৰি দেখুৱালে এগৰাকী ব্যক্তিয়ে৷ ৯৮ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এইগৰাকী ব্যক্তি হৈছে বিহাৰৰ ৰাজ কুমাৰ বৈশ্য৷
১৯৩৮ চনতে স্নাতক ডিগ্ৰী লাভ কৰা ৰাজ কুমাৰ বৈশ্যই শেহতীয়া ভাৱে নালন্দা মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়৷