লাহোৱালঃ ডিব্ৰুগড় জিলাৰ অন্যতম মদাৰখাত শাখা কবি সন্মিলনৰ উদ্যোগত যোৱা ২৫ আগষ্টত মদাৰখাত শিক্ষক ভৱনত এখন কবি সন্মিলন অনুষ্ঠিত হয়। শাখা সন্মিলনৰ সভাপতি অজিত দত্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কবিতাৰ অনুষ্ঠানটোৰ সঞ্চালনা কৰে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উপ সভানেত্ৰী অনিমা বৰুৱা দেউৰীয়ে।
মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কেশৱ দত্তই বন্তি প্ৰজ্বলন কৰে। চেতনা মহিলা সমিতিয়ে আদৰণী গীতৰ লগতে ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয় আৰু মদাৰখাত বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা কোৰাছ পৰিৱেশন কৰা হয়। ব্ৰজেন গোঁহাইয়ে আদৰণি ভাষণ আগবঢ়ায়।