newsnextone.com।টীয়কৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ  তিৰোভাৱ তিথি উপলক্ষ্যে ৰাজ্যৰ সকলো নামঘৰ সত্ৰ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।  মহাপুৰুষজনাৰ তিৰোভাৱ তিথিক লৈ বৃহস্পতিবাৰে পুৱাৰেপৰা অগণন ভক্তৰ সমাগম ঘটে উজনিৰ অন্যতম তীৰ্থক্ষেত্ৰ যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানী স্থিত ঐতিহাসিক আউনিআটি শাখা সত্ৰটো l

টীয়কৰ কলিয়াপানীস্থিত ঐতিহাসিক আউনিআটি সত্ৰত সত্ৰাধিকাৰ ড০পিতাম্বৰ দেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰীআউনীআটী দেৱানন্দ দেৱ গোস্বামীৰ উপস্থিতিত দিনজোৰা নামৰ অন্তত বিয়লী মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ  তিৰোভাৱ তিথি উপলক্ষ্যত  নৃসিংহ অৱতাৰ ভাওনা প্ৰদৰ্শন কৰা হয় l

আমগুৰীৰ পাৰিজাত শিল্পীসমাজৰ দ্বাৰা পৰিবেশিত ভাওনা অনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বুঢ়া ভকত সোনাৰাম শৰ্ম্মা দেৱেl উদযাপন সমিতিৰ হৈ গজেন ভূঞাই আঁতধৰা অনুস্থানটোত বিশিষ্ট সমালোচক হেমচন্দ্ৰ শইকীয়া, বিশিষ্ট চিকিৎসক ডা: মনোজ শৰ্ম্মা, সাহিত্যিক ব্ৰজেন শৰ্ম্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে l দিনৰ ভাগতে অনুষ্ঠিত  ভাওনা প্ৰদৰ্শনত বহু শতাধিক ভক্তই উপভোগ কৰে ।