newsnextone.com।টীয়কঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বৃহস্পতিবাৰে পবিত্ৰ দিনটোত ৰাজ্যৰ সকলো নামঘৰ সত্ৰ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।

মহাপুৰুষজনাৰ তিৰোভাৱ তিথিক লৈ পুৱাৰেপৰা অগণন ভকতৰ সমাগম ঘটে মহাপুৰুষ মাধৱদেৱ স্থাপিত উজনিৰ অন্যতম তীৰ্থক্ষেত্ৰ যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিকঢেকীয়াখোৱা বৰনামঘৰত।

উল্লেখ্য যে ১৫২৮ চনত  চাৰিখুটি মাৰি গুৰুজনাই নামঘৰতো প্ৰতিষ্ঠা কৰিছিল। শ্ৰীশ্ৰীমাধৱদেৱ আৰু তেতিয়াৰে পৰা বুঢ়ীদিহা নৈৰ পাৰত মহাপুৰুষজনাই  জ্বলাই যোৱা  প্ৰাকৃতিক বন্তি গছিয়ে আজিও বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ।

পৱিত্ৰ ভাদ মাহত, মাহজোৰা নাম মহোৎসৱত অগনন ভক্তৰ  ভিৰ হয় এই পূণ্য স্থানত l সামান্তৰাল ভাৱে টীয়কৰ ঐতিহাসিক মইনাপুৰীয়া নামঘৰ আৰু কলিয়াপানী স্থিত ঐতিহাসিক আউনিআটি সত্ৰটো মাহজোৰা নাম মহোৎসৱ আৰম্ভ হৈছে l