Home ৰাজ্যঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু আউনিআটি সত্ৰত শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি পালন

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু আউনিআটি সত্ৰত শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি পালন

by News Desk
77 views
A+A-
Reset

newsnextone.com | টীয়কঃ মহাপুৰুষীয়া সংস্কৃতি আৰু নৱ বৈষ্ণৱ ধৰ্মৰ পৱৰ্তক মহাপুৰুষ দুজনাৰ অন্যতম শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মহাপুৰুষ মাধৱদেৱ স্থাপিত উজনিৰ অন্যতম তীৰ্থক্ষেত্ৰ যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বৰ উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয়। মহাপুৰুষজনাৰ তিৰোভাৱৰ পবিত্ৰ দিনটোত পুৱাৰে পৰা অগনন ভক্তৰ সমাগমে ঢেকীয়াখোৱা বৰনামঘৰ হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে। 

উল্লেখ্য যে, ১৫২৮ চনত চাৰিখুটি মাৰি এইভাগ নামঘৰ প্ৰতিষ্ঠা কৰিছিল শ্ৰীশ্ৰীমাধৱদেৱে আৰু তেতিয়াৰে পৰা বুঢ়ীদিহা নৈৰ পাৰত মহাপুৰুষজনাই জ্বলাই যোৱা প্ৰাকৃতিক বন্তি গছিয়ে আজিও বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ। পৱিত্ৰ ভাদ মাহত মাহজোৰা নাম মহোৎসৱত অগণন ভক্তৰ ভিৰ হয় এই পূণ্য স্থানত। সামান্তৰাল ভাৱে টীয়কৰ ঐতিহাসিক মইনাপুৰীয়া নামঘৰ আৰু কলিয়াপানী স্থিত ঐতিহাসিক আউনিআটি সত্ৰতো মাহজোৰা নাম মহোৎসৱ আৰম্ভ হোৱাৰ লগে লগে অগণন ভক্তৰই ভিৰ কৰা পৰিলক্ষিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0