ডিজিটেল ডেস্কঃ বৃক্ষ ৰোপনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিলে মধ্য প্ৰদেশে৷ ১২ ঘন্টাৰ ভিতৰতে ৬ কোটি বৃক্ষ ৰোপন কৰা হ’ল ৰাজ্যখনত৷ দেওবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৰোপন হয় গছসমুহ৷ ১৫ টা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত নৰ্মদা নদীৰ পাৰত এই গছ পুলিসমুহ ৰোপন কৰা হয়৷
প্ৰায় ৬ কোটি ৬০ হাজাৰ গছ ৰোপন হয়৷ বিশ্বত আটইতকৈ বেছি কাৰ্বন নিৰ্গমণ কৰা দেশৰ ভিতৰত ভাৰতৰ স্থান তৃতীয়৷ মুলতঃ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈয়ে প্ৰাথমিক পৰ্যায়ত এই পদক্ষেপ গ্ৰহণ কৰিছে দেশখনে৷ দেশৰ বিভিন্ন অঞ্চলত এনেদৰে ৰোৱা হ’ব গছপুলি৷